অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




পাঁচনি 9:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে লুদ্দা নগৰ যাফোৰ ওচৰ হোৱাত, আৰু পিতৰো তাতে আছে বুলি শুনি, শিষ্য সকলে তেওঁৰ ওচৰলৈ দুজন মানুহ পঠিয়াই মিনতি কৰালে, বোলে, “পলম নকৰি আমাৰ ইয়ালৈ আহক।”

অধ্যায়টো চাওক



পাঁচনি 9:38
15 পৰস্পৰ সংযোগসমূহ  

যিমান কাঠ আপোনাৰ প্ৰয়োজন হ’ব, সিমান কাঠ আমি লিবানোনত কাটি ল’ম৷ আৰু আমি ভূৰ বান্ধি সমুদ্ৰ-পথেদি গৈ যাফোত এইবোৰ আপোনাৰ ওচৰত থৈ আহিম, তাৰ পৰা আপুনি সেইবোৰ যিৰূচালেমলৈ লৈ যাব।”


সেয়ে তেওঁলোকে শিলৰ কাম কৰা লোকসকলক আৰু কাৰিকৰ সকলক ৰূপ দিলে; আৰু পাৰস্যৰ ৰজা কোৰচৰ পৰা লোৱা অনুমতি অনুসাৰে লিবানোনৰ পৰা যাফোৰ সাগৰৰ তীৰলৈ এৰচ কাঠ আনিবৰ বাবে চীদোনীয়া আৰু তূৰীয়াসকলক আহাৰ, পেয় দ্ৰব্য, আৰু তেল দিলে।


কিন্তু যোনাই যিহোৱাৰ সন্মুখৰ পৰা তৰ্চীচলৈ পলাই যাবৰ কাৰণে যাফোলৈ নামি গ’ল আৰু তাত তৰ্চীচলৈ যোৱা এখন জাহাজ পালে। তেওঁ যিহোৱাৰ সন্মুখৰ পৰা পলাই যাবলৈ জাহাজ খনত ভাড়া দি উঠিল আৰু তর্চীচলৈ যাত্রা কৰিলে।


এতিয়া যাফোলৈ মানুহ পঠিয়াই চিমোন, যাৰ প্ৰখ্যাত নাম পিতৰ, তেওঁক মাতি পঠোৱা,


তেওঁলোকক সকলো কথা তেওঁ বুজাই কলে, আৰু যাফোলৈ পঠাই দিলে৷


তাতে তেওঁ আমাক কলে, কেনেকৈ এজন দূতে তেওঁৰ ঘৰত থিয় হৈ কৈছিল যে, “যাফোলৈ মানুহ পঠাই, যাৰ প্ৰখ্যাত নাম পিতৰ, সেই চিমোনক মাতি পঠোৱা৷


আৰু তেওঁক পাই আন্তিয়খিয়ালৈ লৈ আহিল৷ তাতে তেওঁলোকে গোটেই বছৰ মণ্ডলীত গোট খোৱা বহু লোকক উপদেশ দিলে৷ এই আন্তিয়খিয়া নগৰতেই শিষ্য সকলক প্ৰথমে খ্ৰীষ্টিয়ান বুলি মতা হ’ল৷


“মই যাফো নগৰত প্ৰাৰ্থনা কৰি থাকোতেই মুৰ্চ্ছা গ’লো আৰু দৰ্শনত চাৰি চুকত ধৰি স্বৰ্গৰ পৰা নমোৱা ডাঙৰ কাপোৰৰ নিচিনা কোনো এটা পাত্ৰ মোৰ ওচৰলৈ নামি অহা দেখিলোঁ;


ইয়াৰ পাছত তেওঁ খোৱা-বোৱা কৰি বলৱান হ’ল৷ এনেদৰে কিছুদিন তেওঁ শিষ্য সকলৰ সৈতে দম্মেচক নগৰতে থাকিল৷


তাৰ পাছত পিতৰে ঠায়ে ঠায়ে ফুৰি লুদ্দা নগৰৰ নিবাসী পবিত্ৰ লোক সকলৰ ওচৰ পালেগৈ৷


আৰু যাক ভাষাত দৰ্কা অৰ্থাৎ হৰিণী বুলি মাতে, দান দিয়া আৰু সৎকৰ্মেৰে পূৰ্ণ হৈ থকা টাবিথা নামৰ শিষ্যা এজনী যাফোত আছিল৷


এই কথা যাফোৰ সকলো ঠাইতে জনাজাত হৈ যোৱাত, অনেক মানুহে প্ৰভুত বিশ্বাস কৰিলে।


তাৰ পাছত পিতৰে যাফোত, চিমোন নামেৰে এজন মুচিয়াৰৰ ঘৰত বহু দিন থাকিল।


মে-যৰ্কোণ, ৰক্কোন আৰু যাফোৰ সন্মূখত থকা অঞ্চলসমূহ অন্তর্ভুক্ত আছিল।