কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
পাঁচনি 5:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো কিছুদিনৰ আগেয়ে থুদা নামৰ এজনে আহি, নিজকে বৰ এজন বুলি দাবী কৰিছিল আৰু কম-বেচি পৰিমাণে প্রায় চাৰি শ মানুহে থুদাৰ লগ হৈছিল। তেওঁক বধ কৰা হ’ল আৰু তেওঁৰ অনুগামীবোৰও সিচঁৰিত হৈ কোনো চিন-চাব নোহোৱা হ’ল। |
কিয়নো ভুৱা খ্ৰীষ্ট আৰু ভুৱা ভাৱবাদীবোৰ ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব যে, সাধ্য হ’লে, মনোনীত লোক সকলকো ভুলাব।
এই হেতুকে কোনো মানুহে আহি যদি তোমালোকক কয়, ‘চোৱা, খ্ৰীষ্ট মৰুপ্ৰান্তত আছে’; তেনেহলে ওলাই নাযাবা; নাইবা, ‘চোৱা, তেওঁ ভিতৰ-কোঠালীত আছে’ বুলিলেও বিশ্বাস নকৰিবা।
যি জন মিচৰীয়াই ইয়াৰ আগেয়ে ঘাতক সকলৰ মাজৰ চাৰি হাজাৰ মানুহক উচতাই লগত লৈ অৰণ্যলৈ গৈছিল, তুমি সেই জন নোহোৱা নে?”
তাৰ পাছত তেওঁ ক’লে, “হে ইস্ৰায়েলী সকল, এই লোক সকলক লৈ আপোনালোকে যি কৰিবলৈ গৈছে, সেই বিষয়ে সাৱধান হওক।
সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল।
মণ্ডলীত যি সকল মান্যৱন্ত বুলি খ্যাত, তেওঁলোকে হ’লে মোক একোকে নজনালে। তেওঁলোক কি প্রকাৰৰ লোক আছিল, তাতে মোৰ একো প্রয়োজন নাই। ঈশ্বৰে মানুহৰ সমাদৃত বিষয়বোৰ গ্ৰহন নকৰে।
কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
তেওঁলোক বিবাদকাৰী, স্ব-ভাগ্য নিন্দক আৰু নিজ নিজ অভিলাষৰ অনুগামী; তেওঁলোকৰ মুখে গৰ্ব-কথা কয়; তেওঁলোকে লাভৰ অৰ্থে মানুহৰ মুখৰ প্ৰশংসা কৰে।
তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”