আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
পাঁচনি 25:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 পাছত তেওঁ উপস্থিত হোৱাত যিৰূচালেমৰ পৰা অহা ইহুদী সকলে তেওঁৰ চাৰিওফালে থিয় হৈ, তেওঁক অনেক বিষয়ত গুৰুতৰ দোষ দিব ধৰিলে, কিন্তু তেওঁলোকে একো প্ৰমাণ দেখুৱাব নোৱাৰিলে। |
আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
তাৰ পাছত হামনে ৰজা অহচবেৰোচক ক’লে, “আপোনাৰ ৰাজ্যৰ সকলো প্ৰদেশৰ মাজত কিছুমান লোক ছিন্ন-ভিন্ন হৈ বিভিন্ন স্থানত আছে। তেওঁলোকৰ বিধি আন লোকসকলৰ পৰা পৃথক; আৰু তেওঁলোকে ৰজাৰ বিধি পালন নকৰে। সেয়ে তেওঁলোকক ৰজাই থাকিবলৈ দিয়া উচিত নহয়।
মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।
অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
তেওঁলোকে তেওঁক অপবাদ দি কবলৈ ধৰিলে, বোলে, “আমি দেখিছোঁ যে, এই মানুহজন চীজাৰক কৰ দিবলৈ নিষেধ কৰোঁতা আৰু নিজকে নিজে অভিষিক্ত ৰজা বুলি আমাৰ দেশীয় মানুহক বিপথে নিওঁতা৷”
“হে ইস্ৰায়েলৰ সন্তান সকল, সহায় কৰা; যি মানুহে আমাৰ জাতিৰ বিধানৰ আৰু এই ঠাইৰ বিৰুদ্ধে আটাই ঠাইতে সকলো লোকক শিক্ষা দিব লাগিছে, এই জনেই তেওঁ। ইয়াৰ বাহিৰেও গ্ৰীক মানুহকো মন্দিৰৰ ভিতৰলৈ আনি, এই পবিত্ৰ ঠাই অপবিত্ৰ কৰিলে।”
তেতিয়া ফীষ্টে ক’লে, “হে ৰজা আগ্ৰিপ্প আৰু আমাৰ সৈতে ইয়াত উপস্থিত থকা লোক সমূহ৷ আপোনালোকে এই মানুহ জনক যে দেখিছে, এই জনেই সেই ব্যক্তি; যি জনৰ বিষয়ে যিৰূচালেমৰ আৰু ইয়াত থকা ইহুদী লোক সকলেও মোৰ আগত আবেদন কৰি আটাহ পাৰি কৈছিল, ই আৰু জীয়াই থকা উচিত নহয়।
আমি অনা-ইহুদী সকলক পাপৰ পৰা উদ্ধাৰ পাবৰ বাবে শিক্ষা দিওঁ, কিন্তু তেওঁলোকে আমাক পৰিত্ৰাণৰ কথা কবলৈ যাওতে বাধা আৰোপ কৰে; এইদৰে তেওঁলোকে বাৰে বাৰে পাপ কৰি ঈশ্বৰৰ সীমা পাৰ আছে। সেয়েহে ঈশ্বৰৰ ক্ৰোধ চূড়ান্ত ৰূপত তেওঁলোকলৈ নামি আহিছে৷