তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
পাঁচনি 23:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এনেতে অননিয় নামেৰে মহা-পুৰোহিতে, ওচৰত থিয় হৈ থকা সকলক তেওঁৰ মুখত মাৰিবলৈ আজ্ঞা দিলে৷ |
তেতিয়া কনানাৰ পুত্র চিদিকিয়াই ওচৰলৈ আহি মীখায়াৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা তোমালৈ কোন পথেদি গ’ল?”
তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”
লোকে মোৰ বিৰুদ্ধে মুখ মেলে; সিহঁতে ধিক্কাৰ দি মোৰ গালত চৰ মাৰে; সিহঁতে মোৰ অহিতে গোট খায়।
তেওঁ যিৰিমিয়া ভাববাদীক প্ৰহাৰ কৰি, যিহোৱাৰ গৃহত থকা ওপৰ-দুৱাৰৰ কুন্দাত বন্ধ কৰি ৰাখিলে।
যিৰূচালেমৰ লোকসকল, এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক লাঠিৰে গালত প্রহাৰ কৰিব।
যীচুৱে এইবোৰ কথা কোৱাত, ওচৰত থিয় হৈ থকা টেকেলাবোৰৰ মাজৰ এজনে যীচুক চৰ মাৰিলে আৰু ক’লে, “এনে ধৰণৰ উত্তৰ মহা-পুৰোহিতক কিয় দিছা?”
যীচুৱে তেওঁক উত্তৰ দিলে, “যদি মই কিবা অন্যায় কথা কৈছোঁ, তেতিয়াহলে অন্যায় কথাৰ প্ৰমাণ দিয়া; কিন্তু যদি মই সঠিক কথা কৈছোঁ, তেনেহলে মোক কিয় মাৰিছা?”
পাঁচ দিনৰ মূৰত, মহা-পুৰোহিত অননিয়ই কেইজনমান পৰিচাৰক আৰু তৰ্ত্তুল্ল নামেৰে এজন উকীলে সৈতে আহি দেশাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে।