পাঁচনি 21:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই কথা শুনি তাত থকা লোক সকলে আৰু আমিও পৌলক এই ঠাই এৰি যিৰূচালেমলৈ নাযাবৰ বাবে মিনতি কৰিলোঁ। |
আৰু এতিয়া চাওক, মই পবিত্ৰ আত্মাৰ নির্দেশত আৱদ্ধ হৈ যিৰূচালেমলৈ যাব ওলাইছো; তাতে মোলৈ কি কি ঘটিব, সেই বিষয়ে নাজানো;
সেই ঠাইৰ শিষ্য সকলক বিচাৰি পোৱাত, আমি তাতে সাত দিন থাকিলো; তেওঁলোকে পবিত্র আত্মাৰ দ্বাৰাই পৌলক যিৰূচালেমলৈ যাবৰ বাবে মানা কৰিলে।