পাঁচনি 2:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই প্ৰতিজ্ঞাৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে ক’লে যে, ‘তেওঁক মৃতলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷’ |
তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন।
ধৰ্মশাস্ত্ৰত এই বিষয়ে পূর্বেই লিখা আছিল যে, ঈশ্বৰে অনা-ইহুদী সকলক বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত কৰে। অব্রাহামৰ ওচৰত এই শুভবার্তা আগেয়ে ঘোষণা কৰা হৈছিল, “সকলো জাতিয়ে তোমাৰ মাধ্যমত আশীৰ্বাদ প্রাপ্ত হ’ব।”