সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
পাঁচনি 16:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া আন জনতাও একেলগে পৌল আৰু চীলৰ বিৰুদ্ধে থিয় হ’ল। শাসনকর্তা সকলে পৌল আৰু চীলৰ কাপোৰ ফালি সিহঁতক বেতেৰে কোবাবলৈ আদেশ দিলে। |
সতর্কভাৱে চলিবা; কিয়নো লোক সকলে তোমালোকক বিচাৰ সভাত শোধাই দিব আৰু তেওঁলোকৰ নাম-ঘৰবোৰত তোমালোকক কোবাব।
তেতিয়া তেওঁ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰিলে। কিন্তু যীচুক চাবুকেৰে কোবাই ক্রুচত দিবলৈ শোধাই দিলে।
যেতিয়া তেওঁলোকে নাম-ঘৰবোৰত আৰু ক্ষমতা পোৱা আৰু শাসনকৰ্তা সকলৰ সন্মুখত তোমালোকক হাজিৰ কৰাব, তেতিয়া কেনেকৈ কি উত্তৰ দিব লাগে বা কি কথা কব লাগে, সেই বিষয়ে চিন্তা নকৰিবা৷
কিন্তু পৌলে তেওঁলোকক ক’লে, “আমি ৰোমান নাগৰিক; আমাক বিনা বিচাৰেৰে ৰাইজৰ আগত কোবাই কাৰাবন্দী কৰি থলে। এতিয়া তেওঁলোকে আমাক গোপনে এৰি দিব বিচাৰিছে নেকি? এইটো হ’ব নোৱাৰে। তেওঁলোক নিজে ইয়ালৈ আহি আমাক বাহিৰলৈ উলিয়াই নিব লাগিব।”
কিন্তু বিশ্বাস নকৰা ইহুদী সকলে হিংসা কৰি বজাৰ অঞ্চলৰ পৰা কিছুমান দুষ্ট লোকক মাতি আনি একগোট কৰিলে আৰু নগৰৰ মাজত গণ্ডগোল লগাই দিলে। পৌল আৰু চীলক বিচাৰি মানুহবোৰৰ মাজলৈ নিবৰ বাবে তেওঁলোকে যাচোনৰ ঘৰ আক্রমণ কৰিলে।
তেতিয়া গাল্লিয়ো আখায়া দেশৰ অধিপতি হৈ থকা সময়ত ইহুদী সকলে, পৌলৰ বিপক্ষে উঠি, তেওঁক বিচাৰৰ আসনৰ সন্মূখলৈ আনিলে;
তাৰ পাছত তেওঁলোকে পাঁচনি সকলক ভিতৰলৈ মাতি আনি কোবাই, যীচুৰ নামেৰে কোনো কথা নকবলৈ আদেশ দি যাবলৈ দিলে।
আপোনালোকে এই কথাও জানে যে, আমি আগেয়ে ফিলিপী নগৰত অনেক দুখভোগ কৰিছিলোঁ আৰু আমাক অপমানিত কৰা হৈছিল। তেতিয়া নানা বিৰোধিতাৰ মাজতো আমি আপোনালোকৰ আগত শুভবাৰ্তা কবলৈ আমাৰ ঈশ্বৰত সাহস পালোঁ।
তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক সুস্থ হ’ল৷