অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




পাঁচনি 14:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে নগৰৰ লোক সকলৰ মাজত দুটা দল হ’ল; এটা দলে ইহুদী সকলৰ আৰু আনটো দলে পাঁচনি সকলৰ পক্ষ ললে।

অধ্যায়টো চাওক



পাঁচনি 14:4
18 পৰস্পৰ সংযোগসমূহ  

কাৰণ পুত্রই নিজৰ পিতৃক অমান্য কৰে, জীয়েকে নিজৰ মাতৃৰ বিৰুদ্ধে উঠে, আৰু বোৱাৰীয়েকে নিজৰ শাহুৱেকৰ বিৰুদ্ধে উঠে; তেওঁৰ নিজৰ ঘৰৰ মানুহেই তেওঁৰ শত্ৰু হয়;


তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব;


এইদৰে যীচুৰ বিষয়ক লৈ লোক সকলৰ মাজত মতভেদ সৃষ্টি হ’ল।


যি সময়ত তেওঁলোকে প্ৰভুৰ উপাসনা কৰি লঘোন দি আছিল, সেই সময়তে পবিত্ৰ আত্মাই কলে, “যি কৰ্ম কৰিবলৈ মই বাৰ্ণব্বা আৰু চৌলক মাতিলোঁ, সেই কৰ্মৰ কাৰণে তেওঁলোকক মোলৈ পৃথক কৰি দিয়া৷”


কিন্তু ইহুদী সকলে লোক সকলক দেখি, ঈৰ্ষাৰে পুৰ হৈ নিন্দা কৰি কৰি পৌলে কোৱা কথা অৱমাননা কৰিলে৷


কিন্তু ইহুদী সকলে, ভক্ত ভদ্ৰ মহিলা সকলক আৰু নগৰৰ প্ৰধান লোকক উচটাই, পৌল আৰু বাৰ্ণব্বাক তাড়না কৰি, তেওঁলোকৰ সীমাৰ পৰা খেদাই দিলে।


কিন্তু পাঁচনি বার্ণব্বা আৰু পৌলে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁলোকে নিজৰ পোছাক ফালি দৌৰি বাহিৰলৈ গৈ লোক সকলক উদ্দেশ্য কৰি চিঞৰি চিঞৰি ক’লে,


ইয়াৰ পাছত আন্তিয়খিয়া আৰু ইকনিয়ৰ পৰা কেইজনমান ইহুদী লোক আহি তাত থকা লোক সকলক প্রৰোচিত কৰাত মানুহবোৰে পৌললৈ শিল দলিয়ালে আৰু পাছত তেওঁ মৰিল বুলি ভাবি তেওঁক নগৰৰ বাহিৰলৈ চোঁচৰাই লৈ গ’ল।


কিন্তু অবিশ্বাসী ইহুদী সকলে অনা-ইহুদী সকলক উচটাই তেওঁলোকৰ মনবোৰ বিশ্বাসী ভাই সকলৰ অহিতে বিষময় কৰি তুলিলে।


পাছত অনা-ইহুদী আৰু ইহুদী সকলে নিজৰ অধিকাৰী সকলৰ সৈতে লগ হৈ পৌল আৰু বার্ণব্বাক অপমান কৰিবলৈ আৰু শিল দলিয়াই মাৰিবলৈ ষড়যন্ত্র কৰিলে।


কিন্তু তেওঁলোকৰ মাজৰ কিছুমান লোকৰ মন কঠোৰ আৰু অবাধ্য হ’ল৷ তেওঁলোকে লোক সকলৰ আগত খ্ৰীষ্টীয় পথৰ নিন্দা কৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁ তেওঁলোকক তাতে এৰি শিষ্য সকলক পৃথকে তুৰাণ্ণ নামেৰে এজনৰ পঢ়াশালীলৈ নি নিতৌ কথোপকথন কৰিব ধৰিলে।


তেওঁৰ কথা কিছুমান লোকে বিশ্ৱাস কৰিলে আৰু কিছুমান লোকে অবিশ্বাস কৰিলে৷


অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?


হে ভাইসকল, যিহূদাত খ্ৰীষ্ট যীচুত ঈশ্বৰৰ যি মণ্ডলী সমূহ আছে, আপোনালোকে সেই মণ্ডলী সমূহৰ অনুকাৰী হ’ল; ইহুদী সকলৰ পৰা তেওঁলোকে যিবোৰ দুখ-কষ্ট ভোগ কৰিছে, সেই একে নিৰ্যাতন আপোনালোকেও স্বজাতীয় লোকৰ হাতত ভোগ কৰি আছে।