লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
নহি 5:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 যদিও আমাৰ শৰীৰৰ মাংস আৰু তেজ আমাৰ ভাইসকলৰ দৰেই একে, আৰু আমাৰ সন্তান সকলৰ দৰেই তেওঁলোকৰো সন্তান সকল একে। তথাপিও আমাৰ ল’ৰা-ছোৱালীক দাসত্বত বিক্রী কৰিবলৈ আমি বাধ্য। আমাৰ ছোৱালীসকলৰ মাজৰ কেইজনীমানক ইতিমধ্যে দাস কামৰ বাবে দিয়া হ’ল। কিন্তু এই ক্ষেত্রত সহায় কৰিবলৈ আমাৰ একো উপায় নাই, কাৰণ আমাৰ পথাৰ আৰু দ্ৰাক্ষাবাৰীবোৰ আন লোকৰ হ’ল। |
লাবনে তেওঁক ক’লে, “তুমি সচাঁকৈয়ে মোৰ শৰীৰৰ হাড় আৰু মঙহৰ লোক।” তাৰ পাছত যাকোব লাবনৰ ঘৰত এমাহ থাকিল।
কাৰণ সি আমাৰ নিজৰে ভাই আৰু আমাৰ মঙহো। সেয়ে তাৰ শৰীৰত হাত নিদি বৰং আহাঁ, আমি তাক এই ইশ্মায়েলীয়াসকলৰ ওচৰত বিক্রী কৰোঁ।” ককায়েকসকল তেওঁৰ এই কথাত মান্তি হ’ল।
এদিন শিষ্য ভাববাদী দ’লৰ এজনৰ ভার্য্যাই কান্দি কান্দি ইলীচাৰ ওচৰলৈ আহি ক’লে, “আপোনাৰ দাস মোৰ স্বামীৰ মৃত্যু হ’ল আৰু আপুনি জানে যে, আপোনাৰ দাস এজন যিহোৱাৰ ভয়কাৰী লোক আছিল। এতিয়া মহাজনে মোৰ পুত্ৰ দুটিক তেওঁৰ দাস কৰিবৰ কাৰণে লৈ যাবলৈ আহিছে।”
যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
ক্ষুধাতুৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা, আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোন নহয় নে? যেতিয়া তুমি চোৱা কোনোএজন বিৱস্ত্রতাত আছে, তুমি তেওঁক বস্ত্র দিয়া উচিত; আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়।
কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।