তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
নহি 5:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু পূৰ্বতে থকা দেশাধ্যক্ষসকল যিসকল মোৰ আগতে আছিল, তেওঁলোকে লোকসকলৰ ওপৰত গধুৰ বোজা দিছিল, আৰু তেওঁলোকৰ দৈনিক খোৱা বস্তু আৰু দ্ৰাক্ষাৰস বাবে লোকসকলৰ পৰা তেওঁলোকে চল্লিশ চেকল ৰূপ লৈছিল। তাৰ উপৰিও তেওঁলোকৰ দাস সকলে লোকসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। কিন্তু মই সেইদৰে কৰা নাই, কাৰণ মই ঈশ্বৰলৈ ভয় কৰোঁ। |
তেতিয়া অব্ৰাহামে ক’লে, “মই ভাৱিছিলো, এই ঠাইৰ লোকসকলৰ ঈশ্বৰৰ প্রতি নিশ্চয়ে ভয়-ভীতি নাই; সেয়ে মোৰ ভার্য্যাক পাবলৈ তেওঁলোকে মোকেই বধ কৰিব’।
তৃতীয় দিনা যোচেফে তেওঁলোকক ক’লে, “তোমালোকে মই কোৱাৰ দৰে কৰি প্রাণ ৰক্ষা কৰা; কিয়নো মই ঈশ্বৰ ভয়কাৰী লোক হওঁ।
মই দেৱালৰ কামো একেৰাহে কৰি আছিলোঁ, আৰু আমি মাটি কিনা নাছিলোঁ। মোৰ সকলো দাস সকলে কামৰ বাবে সেই ঠাইলৈ আহি গোট খালে।
মই পুনৰ ক’লোঁ, “আপোনালোকে যি কৰি আছে সেয়া ভাল নহয়। আমাৰ দেশৰ শত্রুবোৰে আমাক নিন্দা কৰাটো নিষেধ কৰিবলৈ আপোনালোকে আমাৰ ঈশ্বৰলৈ ভয় ৰাখি চলা উচিত নহয় নে?
কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ,
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়।
কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়।
বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে।
তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
এই কাৰণে মই মোৰ দদাইৰ পুত্রক হনমেলৰ পৰা অনাথোতত থকা শস্যক্ষেত্ৰখন কিনি লৈ তাৰ ধন সোঁতৰ চেকল ৰূপ তেওঁক জুখি দিলোঁ।
তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
আৰু আপোনালোকৰ লগত থাকোঁতে, যেতিয়া মোৰ নাটনি হৈছিল, তেতিয়া মই আপোনালোকৰ কোনো এজনৰে ওপৰত ভাৰ নিদিলোঁ; কিয়নো ভাই সকলে মাকিদনিয়াৰ পৰা আহি মোৰ অভাৱৰ সময়ত সহায় কৰিলে; আৰু কোনো বিষয়তে আপোনালোকৰ ওপৰত ভাৰ নিদিয়াকৈ মই নিজকে ৰাখিলোঁ; আৰু মই নিজকে এনেদৰেই ৰাখিম।
মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আনকি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ’ল? মোৰ এই অপৰাধটো ক্ষমা কৰক।