অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




নহি 3:28 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

অশ্ব-দুৱাৰৰ ওপৰ ফালৰ পৰা প্রতিজন পুৰোহিতে নিজৰ নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে।

অধ্যায়টো চাওক



নহি 3:28
6 পৰস্পৰ সংযোগসমূহ  

সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱা ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ’ল।


তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অশ্ব-দুৱাৰৰ সোমোৱা ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে।


তেওঁলোকৰ পাছত হৰূমফৰ পুত্ৰ যদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত হচবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে।


তেওঁলোকৰ পাছত বিন্যামীন আৰু হচুবে নিজৰ ঘৰৰ বিপৰীতে মেৰামতি কৰিলে। তেওঁলোকৰ পাছত অণিয়াৰ পুত্র মাচেয়া, মাচেয়াৰ পুত্ৰ অজৰিয়াই নিজৰ ঘৰৰ ওচৰত মেৰামতি কৰিলে।


তেওঁলোকৰ পাছত ইম্মেৰৰ পুত্ৰ চাদোকে নিজৰ ঘৰৰ বিপৰীতে থকা এটা অংশ মেৰামতি কৰিলে। তেওঁৰ পাছত পূব দুৱাৰৰ ৰখীয়া চখনিয়াৰ পুত্ৰ চময়িয়াই মেৰামতি কৰিলে।


আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”