ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।
নহি 13:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই যিৰূচালেমলৈ ঘূৰি আহিলোঁ। ইলিয়াচীবে ঈশ্বৰৰ গৃহৰ চোতালত টোবিয়াক ভঁৰাল দি কৰা কু-কৰ্ম মই বুজি পালোঁ। |
ইলীয়োঐনয়ৰ সাত জন পুত্র হ’ল হোদবিয়া, ইলিয়াচীব, পলায়া, অক্কুব, যোহানন, দলায়া, আৰু অনানী।
সেই সকলো কাৰ্য যেতিয়া সমাপ্ত হ’ল, তেতিয়া কৰ্মচাৰীসকলে মোৰ ওচৰলৈ আহি ক’লে, “ইস্ৰায়েল লোকসকলে, পুৰোহিতসকলে, আৰু লেবীয়াসকলে আন দেশীয় ঘিণলগীয়া কাৰ্য ত্যাগ কৰা নাই; যেনে কনানীয়া,হিত্তীয়া, পৰিজ্জীয়া, যিবুচীয়া, অম্মোনীয়া, মোৱাবীয়া, মিচৰীয়া, আৰু ইমোৰীয়া লোকসকলৰ অতিশয় ঘিণলগা কাৰ্যৰ পৰা নিজকে পৃথকে ৰখা নাই।
সেই দিনা, লোকসকলে শুনিব পৰাকৈ মোচিৰ বিধান-পুস্তক পাঠ কৰা হৈছিল। বিধান-পুস্তকত লিখা অনুসাৰে গ’ম পোৱা গ’ল যে, “অম্মোনীয়া বা মোৱাবীয়া লোকসকল কেতিয়াও ঈশ্বৰৰ মহাসভালৈ আহিব নোৱাৰিব।”
পুৰোহিত ইলিয়াচীবে টোবিয়াৰ বাবে এটা ডাঙৰ ভঁৰাল প্রস্তুত কৰিলে। যি ঠাইত পূৰ্বতে লোকসকলে শস্য নৈবেদ্য, ধূপ-ধূনা, বস্তুবোৰ, শস্যৰ দশম ভাগ, নতুন দ্ৰাক্ষাৰস, আৰু তেল, লেবীয়া সকলৰ নামেৰে, আৰু পুৰোহিত সকলৰ বৰঙনিৰ বাবে ৰখা হৈছিল।
শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে।
মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে।