দ্বি.বি. 5:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা; |
তোমালোকে ছয় দিন নিজৰ কাম কৰিবা, কিন্তু সপ্তম দিনা বিশ্রাম কৰিবা। এইদৰে কৰিবা; যাতে তোমালোকৰ গৰু, গাধ, তোমালোকৰ দাসীৰ পুত্র আৰু যিকোনো বিদেশী লোকে বিশ্রাম ল’ব পাৰিব আৰু সতেজতা লাভ কৰিব।
তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
ইয়াৰ বাহিৰে, মই যে তেওঁলোকক পবিত্ৰ কৰোঁতা যিহোৱা, ইয়াক তেওঁলোকে জানিবৰ বাবে মোৰ আৰু তেওঁলোকৰ মাজত এটি চিন হ’বলৈ মোৰ বিশ্ৰাম দিনবোৰ তেওঁলোকক দিলোঁ।
ছদিনৰ কাম কৰা যাব; কিন্তু সপ্তমদিন বিশ্ৰাম-দিন, অৰ্থাৎ সম্পূৰ্ণ বিশ্ৰামৰ, সেই দিনা পবিত্ৰ সভা হ’ব। সেই দিনা তোমালোকে কোনো প্ৰকাৰৰ কাম নকৰিবা; সেয়ে তোমালোক থকা সকলো ঠাইতে যিহোৱাৰ উদ্দেশ্যে বিশ্ৰাম-দিন হ’ব।
পাছত উলটি আহি, সুগন্ধি দ্ৰব্য আৰু তেল যুগুত কৰিলে। পাছত তেওঁলোকে বিধানৰ দৰে বিশ্ৰামবাৰে জিৰণি ল’লে।
কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।