অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




দ্বি.বি. 34:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আজি পর্যন্ত ইস্ৰায়েলীয়াসকলৰ মাজত মোচিৰ দৰে কোনো ভাববাদীৰ উত্থান হোৱা নাই, যিজনৰ লগত যিহোৱাই মুখামুখিকৈ কথা পাতিছিল।

অধ্যায়টো চাওক



দ্বি.বি. 34:10
10 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই মিচৰীয়া লোকসকলক ইস্রায়েলী লোকসকললৈ অনুগ্ৰহ কৰিবলৈ আগ্রহী কৰালে। অৱশ্যে মিচৰ দেশত মোচি, ফৰৌণৰ দাস আৰু লোকসকলৰ দৃষ্টিত অতি আকৰ্ষণীয় পুৰুষ আছিল।


যিদৰে মানুহে নিজৰ বন্ধুৰ লগত কথা পাতে, সেইদৰে যিহোৱাই মুখামুখি মোচিৰ লগত কথা পাতে। তাৰ পাছত মোচিয়ে তম্বুৰ পৰা ওলাই আহে, কিন্তু তেওঁৰ যুৱক পৰিচাৰক, নুনৰ পুত্ৰ যিহোচূৱা তম্বুৰ ভিতৰতে থাকে।


তাতে যিহোৱাই মোচিৰ নিবেদন শুনিলে; আৰু ঘৰ, চোতাল, আৰু পথাৰবোৰত ভেকুলীবোৰ মৰিল।


এই জন মোচিয়েই ইস্ৰায়েলী ভাই সকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।


যিহোৱাই মোচিক মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো দাস আৰু সমগ্র দেশৰ ওপৰত যি সকলো চিহ্ন আৰু অদ্ভুত লক্ষণ দেখুৱাবলৈ পঠাইছিল, সেই ধৰণৰ কার্য কৰা আন কোনো ভাৱবাদী নাই।