যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
দ্বি.বি. 31:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।” |
যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ দুষ্টতা অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
যিহোৱাই সেই হোম-বলিৰ সুঘ্ৰাণত সন্তোষ পাই নিজৰ মনেতে ক’লে, “সৰু কালৰে পৰা মানুহৰ মন মন্দতাৰ ফালে ঢাল খোৱা; কিন্তু মই মানুহৰ কাৰণে ভূমিক আৰু কেতিয়াও শাও নিদিওঁ; সেয়ে, মই যি দৰে কৰিলোঁ, পুনৰায় সেইদৰে সকলো প্ৰাণীক ধ্বংস নকৰোঁ।
হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”
মই ইফ্ৰয়িমক জানো; ইস্ৰায়েল মোৰ পৰা লুকাই থকা নাই; হে ইফ্ৰয়িম, তুমি এতিয়া পতিতাৰ কৰ্ম কৰিছা; ইস্ৰায়েল অশুচি হ’ল।
মইও তেওঁলোকৰ বিপৰীত আচৰণ কৰি তেওঁলোকক শত্ৰুবোৰৰ দেশলৈ অনাকো স্বীকাৰ কৰে, বিশেষকৈ যদি তেওঁলোকে নিজৰ অচুন্নৎ মন নম্ৰ কৰে, আৰু নিজৰ পাপৰ দণ্ড যোগ্য যেন মানে,
কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্বজ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক বিধানহীনৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে।
তোমাৰ হাতেৰে আৰু তোমাৰ ইচ্ছাত যি ঘটিব বুলি তুমি পূর্বতে ঠিক কৰিছিলা, সেই কার্য সিদ্ধ হ’বলৈকে তেওঁলোক একত্ৰিত হ’ল।।
তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে, আপোনালোক নিশ্চয়ে ধ্বংস হৈ যাব। যৰ্দ্দন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে, সেই দেশত আপোনালোক দীৰ্ঘজীৱি নহ’ব।
তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
যেতিয়া আপুনি সঙ্কতত পৰিব, আৰু এই সকলো ঘটনা আপোনালৈ ঘটিব, তেতিয়া সেই ভৱিষ্যত কালত আপুনি নিজ ঈশ্বৰ যিহোৱালৈ উলটিব; আৰু তেওঁৰ কন্ঠস্বৰ শুনিবলৈ পাব।