আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
দ্বি.বি. 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই সময়ত আমি অৰ্ণোন নদীৰ উপত্যকাৰ পৰা হৰ্মোণ পাহাৰলৈকে যৰ্দ্দন নদীৰ সিপাৰৰ এলেকা ইমোৰীয়াসকলৰ দুজন ৰজাৰ হাতৰ পৰা অধিকাৰ কৰিছিলোঁ। |
আৰু গিলিয়দ দেশত, অৰ্থাৎ ইমোৰীয়াসকলৰ চীহোন ৰজাৰ দেশত উৰীৰ পুত্ৰ গেবৰ আৰু বাচানৰ ওগ ৰজা; সেই দেশত কেৱল তেৱেঁই বিষয়া আছিল।
মোৰ প্ৰাণ মোৰ অন্তৰত নিৰাশ হৈছে; সেইবাবে মই যৰ্দ্দনৰ দেশৰ পৰা, হৰ্মোণ গিৰি-শ্ৰেণী আৰু মিচিয়ৰ পৰ্ব্বতৰ পৰা তোমাৰ কথা ভাবিছোঁ।
তোমাৰ জলপ্ৰপাতৰ শব্দত জল সমূহে জল সমূহক মাতিছে; তোমাৰ সকলো ঢৌ আৰু তৰঙ্গবোৰ মোৰ ওপৰেদি বৈ গৈছে।
তেওঁলোকে চীহোন অধিকাৰ কৰি ল’লে আৰু ইয়াৰ বাহিৰেও বাচানৰ ৰজা ওগৰ দেশ অধিকাৰ কৰি লৈছিল। ইমোৰীয়াসকলৰ এই ৰজা দুজন যৰ্দ্দন নদীৰ পূবদিশত বাস কৰিছিল।
এই অঞ্চলটো অৰ্ণোনৰ পৰা আৰম্ভ, উপত্যকাৰ দাঁতিত থকা অৰোয়েৰৰ পৰা চীয়োন অৰ্থাৎ হৰ্মোণ পৰ্ব্বতলৈকে বিস্তাৰিত হৈ আছে;
বর্ত্তমান দেশ-সমূহৰ এইসকল ৰজা, যিসকলক ইস্ৰায়েলৰ লোক সকলে পৰাজয় কৰিছিল৷ ইস্ৰায়েলৰ লোক সকলে সূৰ্য উদয় হোৱা যৰ্দ্দনৰ পূবদিশে থকা, অৰ্ণোনৰ উপত্যকাৰ পৰা হৰ্মোণ পৰ্ব্বতলৈকে আৰু পূব ফালে থকা অৰাবা’ৰ গোটেই দেশ অধিকাৰ কৰিলে৷
বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,