তেতিয়া যিহোৱাই মোক কৈছিল, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁৰ ওপৰত তোমাক বিজয়ী কৰিলোঁ; তেওঁক, তেওঁৰ লোকসকলক আৰু তেওঁৰ দেশ তোমাৰ অধীনত শোধাই দিলোঁ; তুমি হিচবোন নিবাসী ইমোৰীয়াসকলৰ ৰজা চীহোনক যেনে কৰিছিলা, এওঁলৈকো তেনে কৰিবা।”
এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”
ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম।
ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
কেৱল তোমালোকে কোনো ধৰণৰ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ নকৰিবা, সেই দেশৰ লোকসকললৈ ভয়ো নকৰিবা। কিয়নো তেওঁলোক আমাৰ ভক্ষ্যনস্বৰূপ। সিহঁতৰ আশ্ৰয় সিহঁতৰ পৰা গুচিল, কাৰণ যিহোৱা আমাৰ সঙ্গত আছে; তেওঁলোকলৈ ভয় নকৰিবা।”
তেতিয়া যিহোৱাই মোচিক ক’লে, “তুমি তেওঁলৈ ভয় নকৰিবা; কিয়নো মই তেওঁক, তেওঁৰ আটাই প্ৰজাক আৰু তেওঁৰ দেশকো তোমাৰ হাতত শোধাই দিলোঁ। তুমি হিচবোনত থকা ইমোৰীয়া ৰজা চীহোনলৈ যেনে কৰিলা, তেওঁলৈকো তেনে কৰিবা।”
প্ৰভুৱে ৰাতি পৌলক দৰ্শন দি কলে “তুমি ভয় নকৰিবা, মনে মনে নাথাকি, প্ৰচাৰ কৰা;
আৰু থিয় হৈ ক’লে ‘হে পৌল, তুমি ভয় নকৰিবা৷ চীজাৰৰ আগত তুমি থিয় হ’ব লাগিব আৰু চোৱা, তোমাৰ লগত যোৱা সকলো মানুহক ঈশ্ৱৰে অনুগ্ৰহ কৰি তোমাক দিলে৷’
“হে ইস্ৰায়েলীয়াসকল, শুনা, আজি তোমালোকৰ শত্রুবোৰৰ লগত যুদ্ধ কৰিবলৈ তোমালোক ওচৰ চাপিছা; তোমালোকৰ হৃদয়ত সাহস নেহেৰুৱাবা; ভয় নকৰিবা বা কম্পিত নহ’বা আৰু শত্রুপক্ষক দেখি ভয়ত ত্ৰাসিত নহ’বা।
তাৰ পাছত আমি ঘুৰি বাচান দেশৰ ফালে যোৱা বাটেদি গ’লো। আমাৰ লগত যুদ্ধ কৰিবলৈ বাচানৰ ৰজা ওগ আৰু তেওঁৰ সকলো লোক ইদ্ৰেয়ী নগৰলৈ আমাক আক্রমণ কৰিবৰ কাৰণে ওলাই আহিছিল।
অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?
এইদৰে আমাৰ ঈশ্বৰ যিহোৱাই বাচানৰ ৰজা ওগক আৰু তেওঁৰ সকলো লোকক আমাৰ অধীনত শোধাই দিছিল; তাতে আমি তেওঁক আৰু তেওঁৰ সকলো লোককে আঘাত কৰি বধ কৰিছিলোঁ; এজনকো অৱশিষ্ট নাৰাখিলোঁ।
যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।”
তোমাৰ আসন্ন দুখভোগলৈ ভয় নকৰিবা। চোৱা! তোমালোকৰ পৰীক্ষাৰ অৰ্থে, চয়তানে তোমালোকৰ কোনো কোনোক বন্দীশালত পেলাবলৈ উদ্যত আছে, তাতে দহ দিনলৈ তোমালোকৰ ক্লেশ হ’ব৷ তুমি মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা; তাতে মই জীৱনৰূপ কিৰীটি তোমাক দিম।