দ্বি.বি. 28:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অন্য লোকে আপোনালোকৰ গৰু আপোনালোকৰ আগতেই বধ কৰিব, কিন্তু আপোনালোকে তাৰ মাংস খাবলৈ নাপাব; আপোনালোকৰ গাধ আপোনালোকৰ আগৰ পৰা বলপূর্বক ভাবে নিয়া হ’ব কিন্তু ওলোটাই দিয়া নাযাব; আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাক শত্ৰুবোৰক দিয়া হ’ব, কিন্তু আপোনালোকৰ পক্ষত নিস্তাৰ কৰোঁতা কোনো নাথাকিব। |
যিহোৱাই নিজৰ সোঁ হাত, আৰু নিজৰ বলৱান বাহুৰে শপত কৰিলে, “তোমাৰ শত্রুবোৰৰ আহাৰৰ বাবে, নিশ্চয়ে মই তেওঁলোকক তোমাৰ শস্য আৰু নিদিম, আৰু বিদেশীসকলে তুমি পৰিশ্ৰমেৰে অৰ্জ্জা তোমাৰ দ্ৰাক্ষাৰস আৰু পান কৰিবলৈ নাপাব;
তেওঁলোকে তোমাৰ পো-জীসকলে খাব লগীয়া শস্য আৰু আহাৰ খাব। তেওঁলোকে তোমাৰ মেৰ আৰু গৰুৰ জাকবোৰ খাব; তেওঁলোকে তোমাৰ দ্ৰাক্ষালতা আৰু ডিমৰু ফলবোৰ খাব। গড়েৰে আবৃত যি নগৰবোৰত তুমি বিশ্বাস কৰিছা, তেওঁলোকে সেইসকলক তৰোৱালেৰে গুড়ি কৰিব।
আপোনালোকৰ কোনো ছোৱালী বাগদত্তা হ’ব, কিন্তু আন পুৰুষে তাইৰ লগত শয়ন কৰিব; আপোনালোকে ঘৰ সাজিব, কিন্তু তাত বাস কৰিবলৈ নাপাব; আৰু দ্ৰাক্ষাবাৰী পাতিব, কিন্তু তাৰ গুটি ভোগ কৰিবলৈ নাপাব।
আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।
পাছত ইস্ৰায়েলৰ সন্তান সকলে পুনৰ যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁলোকক মিদিয়নীয়াসকলৰ হাতত শোধাই দিলে আৰু তেওঁলোক সাত বছৰ ধৰি তেওঁলোকৰ অধীন হৈ থাকিল।
তেওঁলোকে ছাউনি পাতি গাজালৈকে গোটেই ভূমিৰ শস্য নষ্ট কৰি দিয়ে; তেওঁলোকে ইস্ৰায়েলীসকলে খাবৰ বাবে খোৱা-বস্তুৰ একো অৱশিষ্ট নাৰাখে; তেওঁলোকে মেৰ-ছাগ, পশুধন বা গাধ এইবোৰো লৈ যায়।