কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
দ্বি.বি. 24:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব। |
কিন্তু তেওঁ তেওঁলোকৰ সন্তান সকলক বধ কৰা নাছিল৷ মোচিৰ ব্যৱস্থা-পুস্তকখনত লিখা যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ কাৰ্য কৰিছিল; ব্যৱস্থা-পুস্তকত লিখা আছিল, “পুত্ৰসকলৰ কাৰণে পিতৃসকল আৰু পিতৃসকলৰ কাৰণে পুত্ৰসকল নমৰিব৷ প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে মৰিব।”
যিজনে পাপ কৰে, তেওঁ মৰিব। পুত্রই পিতৃৰ অপৰাধৰৰ ভাৰ নবব আৰু ধাৰ্মিকৰ ধাৰ্মিকতা ধাৰ্মিকৰ গাত আৰু দুষ্টৰ দুষ্টতা দুষ্টৰ গাত থাকিব।
চোৱা! আটাই প্ৰাণ মোৰেই; যেনেকৈ বাপেকৰ প্ৰাণ মোৰ, তেনেকৈ পুতেকৰ প্ৰাণো মোৰ; যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীহে মৰিব!
ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।