দ্বি.বি. 24:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব। |
বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক।
সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব।
বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব।