অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




দ্বি.বি. 2:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

সেই দেশকো ৰফায়ীয়াসকলৰ দেশ বুলি গণিত কৰা হয়, কাৰণ পূর্বে ৰেফায়ীয়াসকলে তাত বাস কৰিছিল। কিন্তু অম্মোনীয়াসকলে তেওঁলোকক জুমজুমীয়া বুলিহে কয়।

অধ্যায়টো চাওক



দ্বি.বি. 2:20
4 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত চৈধ্য বছৰত ৰজা কদৰ্লায়োমৰ আৰু তেওঁৰ সংগী ৰজাসকলে গৈ ৰফায়ীয়াসকলক অস্তৰোৎকৰ্ণয়িমত, জজীয়াসকলক হামত, এমীয়াসকলক চাবি-কিৰিয়াথয়িমত আহি আক্রমণ কৰিলে আৰু


অনাকীয়াসকলৰ দৰে এমীয়সকলকো ৰফায়ীয়া বুলি গণিত কৰা হৈছিল; কিন্তু মোৱাবীয়াসকলে তেওঁলোকক এমীয়া বুলি কয়।


এই জাতিৰ লোকসকল আছিল শক্তিশালী, সংখ্যাত অধিক আৰু অনাকীয়াসকলৰ দৰেই দীর্ঘকায়। কিন্তু যিহোৱাই তেওঁলোকক উচ্ছন্ন কৰিলে; অম্মোনীয়াসকলে জুমজুমীয়াসকলক উচ্ছন্ন কৰিলে আৰু তেওঁলোকৰ ঠাইত নিজৰ আধিপত্য বিস্তাৰ কৰি সেই ঠাইত বসতি কৰিলে।


অৱশিষ্ট ৰফায়ীয়া লোকসকলৰ মাজত কেৱল বাচানৰ ৰজা ওগেই জীৱিত আছিল; তেওঁৰ বিচনাখন লোহাৰে নির্মিত আছিল; সেই বিচনা মানুহৰ হাতৰ মাপ অনুসাৰে দীঘলে ন হাত, বহলে চাৰি হাত আছিল। সেইখন এতিয়াও জানো অম্মোনৰ বংশধৰসকলে বাস কৰা ৰব্বা নগৰত নাই?