কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া; মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া।
মহাৰজা আপুনি দেখিছিল যে, এজন পবিত্ৰ বাৰ্ত্তাবহক স্বৰ্গৰ পৰা নামি আহিছিল, আৰু আপোনাক কৈছিল, “গছজোপা কাটি নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাক আকাশৰ নিয়ৰত তিতিব দিবা, আৰু সাত বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।”
কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।
সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞানসম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।