দানি 1:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দহ দিনৰ পাছত দেখা গ’ল, ৰজাৰ উত্তম খাদ্য খোৱা যুৱকসকলতকৈ তেওঁলোকৰ চেহেৰা অধিক স্বাস্থ্যৱান, আৰু অধিক পৰিপুষ্ট হ’ল। |
তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ সেৱা কৰিবা। তোমালোকে এইদৰে কৰিলে মই তোমালোকৰ অন্ন-জলক আশীৰ্ব্বাদ কৰিম। মই তোমালোকৰ মাজৰ পৰা ৰোগ দূৰ কৰিম।
তোমালোকে অধিক গুটি সিঁচিছিলা, কিন্তু অলপহে চপালা; তোমালোকে খোৱা, কিন্তু তোমালোকৰ যথেষ্ট পৰিমাণে নাথাকে; তোমালোকে পান কৰা, কিন্তু মতলীয়া নোহোৱা; তোমালোকে বস্ত্র পিন্ধা, কিন্তু তোমালোকে উম নোপোৱা; উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থ’বলৈ উপাৰ্জন কৰে!’
‘তোমালোকে অধিকৰ বাবে প্রত্যাশা কৰা, কিন্তু চোৱা! মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয়? এই বুলি বাহিনীসকলৰ যিহোৱাই ঘোষণা কৰিছে! কাৰণ, মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰত সন্তুষ্ট হৈ আছা।
বাহিনীসকলৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই।
তাতে তেওঁ উত্তৰ দি ক’লে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে, কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্রত্যেকটো বাক্যৰেহে জীয়াই থাকে।”