চফ 1:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই লোকসকলৰ ওপৰত ভীষণ ক্লেশ আনিম; তেওঁলোকে অন্ধ মানুহৰ নিচিনাকৈ ফুৰিব, কাৰণ যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে পাপ কৰিলে! তেওঁলোকৰ তেজ ধূলিৰ নিচিনাকৈ পেলাই দিয়া হ’ব! তেওঁলোকৰ দেহ গোবৰৰ নিচিনাকৈ মাটিত পৰি থাকিব। |
কিয়নো যিহোৱাই তোমালোকৰ ওপৰত ঘোৰ নিদ্ৰাজনক আত্মা ঢালি দিলে, তেওঁ তোমালোকৰ ভাববাদীৰূপ চকুবোৰ মুদালে, আৰু তোমালোকৰ দৰ্শকৰ মূৰ ঢাকিলে।
যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
কিয়নো যিহোৱাই এই কথা কৈছে: চোৱা, মই এইবাৰ দেশ নিবাসীসকলক ফিঙ্গাৰ শিলৰ নিচিনাকৈ দলিয়াই পেলাম, আৰু তেওঁলোকৰ মনত লগাকৈ তেওঁলোকক দুখ দিম।’
আৰু যিহোৱাই কৈছে, মই তেওঁলোকক বধ কৰিবলৈ তৰোৱাল, ছিৰিবলৈ কুকুৰ, খাবলৈ আৰু বিনষ্ট কৰিবলৈ আকাশৰ পক্ষী আৰু পৃথিৱীৰ জন্তু, এই চাৰি বিধক মই তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম।
এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই?
তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব। এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা, ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন।
সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”
তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
তেওঁলোকে ভালপোৱা, সেৱা কৰা, পাছত চলা, বিচাৰা আৰু প্ৰণিপাত কৰা সূৰ্য চন্দ্ৰ আদি আকাশ-মণ্ডলৰ আটাই বাহিনীৰ আগত তেওঁলোকে সেই হাড়বোৰ মেলিব; সেইবোৰক গোটোৱা বা পাতা নহ’ব, সেইবোৰ মাটিৰ ওপৰত সাৰস্বৰূপ হৈ থাকিব।
মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে।
যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল।
যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়।
ডেকা আৰু বুঢ়া লোক, আলিবাটৰ মাটিত পৰি আছে। মোৰ যুৱতী আৰু যুৱকসকল তৰোৱালৰ দ্বাৰাই পতিত হৈছে। তুমি তোমাৰ ক্ৰোধৰ দিনাত তেওঁলোকক বধ কৰিলা; তুমি দয়া নকৰি হত্যা কৰিলা।
আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
কিয়নো তাই কৰা ৰক্তপাত তাইৰ মাজত আছে! তাই শুদা শিলৰ ওপৰত তাক ৰাখিছে; তাই ধূলিৰে ঢাকি ৰাখিবৰ কাৰণে মাটিৰ ওপৰত তাক ঢলা নাই,
যেন প্ৰতিকাৰ সাধিবৰ অৰ্থে ক্ৰোধ তোলে! তাই উলিওৱা ৰক্ত ঢাক নাখাবৰ বাবে মই তাক শুদা শিলত ৰাখিলোঁ!
মিচৰলৈ যেনেকৈ পঠাইছিলো, তেনেকৈ “মই তোমালোকৰ মাজলৈ মহামাৰী পঠালোঁ; তোমালোকৰ যুবকসকলক মই তৰোৱালৰ দ্বাৰাই বধ কৰিলোঁ; তোমালোকৰ ঘোঁৰাবোৰ লৈ গলোঁ; তোমালোকৰ ছাউনিৰ দু্ৰ্গন্ধ তোমালোকৰ নাকত সুমুৱাই দিলোঁ; তথাপি তোমালোকে মোলৈ ঘূৰা নাই।” যিহোৱাই এই কথা কৈছে।
তেওঁলোকৰ কথা এৰি দিয়া; তেওঁলোক অন্ধ পথ প্ৰদৰ্শক। অন্ধই অন্ধক বাট দেখুৱালে, দুয়ো খাৱৈত পৰিব।”
কিয়নো, হে ভাই সকল, আপোনালোকে যেন নিজকে জ্ঞানৱন্ত বুলি নামানে, এই কাৰণে, যেতিয়ালৈকে অনা-ইহুদী লোকৰ পৰিপূৰ্ণতা নহয়, তেতিয়ালৈকে কিছু পৰিমাণে ইস্ৰায়েলী লোকৰ যে কঠিনতা জন্মিল, এই নিগূঢ়-তত্ত্ব আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই।
তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।
ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে।
যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ পাহৰি গ’ল।
কিন্তু যি কোনোৱে নিজ ভাইক ঘিণ কৰে, তেওঁ আন্ধাৰত আছে আৰু আন্ধাৰত ফুৰে; ক’লৈ যায় সেই বিষয়ে তেওঁ নাজানে; কাৰণ আন্ধাৰে তেওঁৰ চকু অন্ধ কৰিলে।
কাৰণ তুমি কৈছা, মই ধনী, ধন সাঁচিলো, মোৰ একোৰে অভাৱ নাই; কিন্তু তুমিয়েই যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলঙ্গ, তাক নাজানা।