কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
গীত 92:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী। |
কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।
সঁচাকৈ তুমি তেওঁলোকক পিছল খোৱা ঠাইত থৈছা; তুমি তেওঁলোকক বিনাশৰ গাতত পেলাই তেওঁলোকৰ সর্বনাশ কৰিবা।
তেওঁলোকে যেন জানিব পাৰে যে তোমাৰ নাম যিহোৱা, তুমি, কেৱল তুমিয়েই সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।
মহা জল সমূহৰ কল্লোল ধ্বনিতকৈয়ো, সমুদ্ৰৰ প্ৰচণ্ড তৰঙ্গবোৰতকৈয়ো সৰ্ব্বোপৰি যিহোৱা বলৱান।
যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।