তেন্তে আপুনি স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু মিনতি শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব।
গীত 9:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা। |
তেন্তে আপুনি স্বৰ্গত থাকি তেওঁলোকৰ প্ৰাৰ্থনা আৰু মিনতি শুনিব, আৰু তেওঁলোকৰ বিচাৰ নিস্পত্তি কৰিব।
মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
যিহোৱা, তুমিয়েই মোৰ আধিপত্যৰ মনোনীত ভাগ আৰু মোৰ পান-পাত্র; মোৰ ভৱিষ্যত তোমাৰ হাততে আছে।
ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
যিহোৱাৰ সন্মুখতে গান কৰিব; কিয়নো তেওঁ আহি আছে; তেওঁ পৃথিৱীৰ বিচাৰ কৰিবলৈ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ সত্যতাৰে জাতি সমূহৰ বিচাৰ কৰিব।
যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।
তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
তেওঁ নিন্দিত হলেও কাকো নিন্দা নকৰিলে; দুখ পোৱা কালত, ডাবি-ধমকি নিদিলে, কিন্তু ন্যায়ৰূপে বিচাৰ কৰোঁতা জনৰ ওপৰত ভাৰ দিলে৷