যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
গীত 85:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে যিহোৱা, তোমাৰ দৃঢ় প্রেম তুমি আমাক দেখুউৱা; তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। |
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
যিহোৱাই এই কথা কৈছে: “এই যি ঠাইৰ বিষয়ে তোমালোকে কৈছা, যে, ‘ই উচ্ছন্ন। মনুষ্য আৰু পশুশূন্য, এই ঠাইত মনুষ্য আৰু পশুশূন্য আৰু যিহূদাৰ নগৰ আৰু যিৰূচালেমৰ আলিবাটবোৰ নিৰ্জন।
আকৌ আনন্দৰ ধ্বনি, উল্লাসৰ ধ্বনি, দৰা-কন্যা ধ্বনি আৰু “বাহিনীসকলৰ যিহোৱাৰ ধন্যবাদ কৰা, কিয়নো যিহোৱা মঙ্গলময়, কাৰণ তেওঁৰ দয়া চিৰকাললৈকে থাকে,” এই বুলি কোৱাসকলৰ ধ্বনি, আৰু যিহোৱাৰ গৃহলৈ ধন্যবাদাৰ্থক বলি অনাসকলৰ ধ্বনি পুনৰায় শুনা যাব। কিয়নো, মই এই দেশৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰি আগৰ দৰে কৰিম। কিয়নো যিহোৱাই এই কথা কৈছে।
আৰু মই তোমালোকক কৰুণা দান কৰিম; আৰু তোমালোকক দয়া কৰি তোমালোকৰ দেশলৈ তোমালোকক উভটাই আনিম।