গীত 84:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে। |
হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
হে চিয়োনৰ সন্তানসকল, তোমালোক আনন্দিত হোৱা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাত উল্লাস কৰা; কিয়নো তেওঁ তোমালোকক উচিত পৰিমাণে আগতীয়া বৰষুণ দিছে, আৰু আগৰ দৰে জাকে জাকে আগতীয়া আৰু শেষতীয়া বৰষুণ বৰষাইছে।
এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”
তাত তেওঁলোকে শিষ্য সকলৰ মনোবল শক্তিশালী কৰিলে আৰু বিশ্বাস অটুট ৰাখিবলৈ উৎসাহ যোগালে। তেওঁলোকে শিষ্য সকলক ক’লে যে, “অনেক দুখভোগৰ মাজেদি আমি ঈশ্বৰৰ ৰাজ্যত প্রৱেশ কৰিব লাগিব।”
আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়।
তেতিয়া মই তেওঁক ক’লো, “হে মোৰ প্ৰভু, আপুনি জানে”। তেতিয়া তেওঁ মোক ক’লে, “এওঁলোক সেই মহা-ক্লেশৰ পৰা অহা লোক; এওঁলোকে মেৰ-পোৱালিৰ তেজেৰে নিজ বস্ত্ৰ ধুই বগা কৰিলে।