গীত 83:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে মোৰ ঈশ্বৰ, তুমি তেওঁলোকক বা’মাৰলী বতাহত ঘূৰি থকা ধুলিৰ নিচিনা কৰা, বতাহে উড়ুৱাই নিয়া তুঁহৰ নিচিনা কৰা। |
হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
চোৱা, তেওঁলোকে কেৱল ৰোৱে আৰু বয়, এনে কি, তেওঁলোকৰ মুঢ়ায়ো মাটিত কেৱল শিপা ধৰিছে, তেওঁ তেওঁলোকৰ ওপৰত ফু দিয়াৰ আগতে তেওঁলোক শুকাই যায়, আৰু তেওঁলোকক বা’মৰলী বতাহে মৰাৰ দৰে উৰুৱাই নিয়ে।
কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে? তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে।
তুমি কৈছা, “সেই দুই জাতিৰ মাজত আৰু সেই দুখন দেশত যিহোৱা থাকিলেও সেইবোৰ মোৰেই হ’ব, আৰু আমি সেইবোৰ অধিকাৰ কৰিম।”
প্ৰভু যিহোৱাই এই কথা কৈছে: শত্ৰুৱে তোমালোকৰ অহিতে কৈছে, “ভাল হৈছে”, আৰু “পুৰাতন উচ্চস্থানবোৰ আমাৰ অধিকাৰ হ’ল’।”
তেওঁৰ কুলা তেওঁৰ হাততে আছে; তেওঁ শস্যৰ মৰণা মৰা চোতাল ভালকৈ পৰিষ্কাৰ কৰিব আৰু তেওঁ নিজৰ শস্য ভঁৰালত চপাই থব; কিন্তু ঘুলা, সেই জুইত পুৰি পেলাব, যি জুই কেতিয়াও নুনুমায়।”