গীত 78:51 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে। |
হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
হাম দেশত কৰা নানা আচৰিত কাৰ্যবোৰৰ বিষয়ে আৰু চূফ সাগৰৰ দাঁতিত কৰা পৰাক্রম কার্যবোৰৰ কথা তেওঁলোকে পাহৰি গ’ল।
তেঁৱেই মিচৰ দেশত প্ৰথমে জন্মা সন্তান সকলক আঘাত কৰিছিল; মানুহ আৰু পশু উভয়ৰে প্রথম সন্তানক মাৰিলে।
যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
যেতিয়া ফৰৌণে আমাক এৰি দিবলৈ মন কঠিন কৰিলে, তেতিয়া যিহোৱাই মিচৰ দেশত, মানুহৰ প্ৰথমে জন্মা পুত্র আৰু পশুৰ প্ৰথমে জগা মতাপশু সকলোকে বধ কৰিলে। এই হেতুকে, মই পশুবোৰৰ প্রথমে জন্মা মতা পশু যিহোৱাৰ উদ্দেশ্যে বলিদান কৰোঁ; সেই বাবে মই মোৰ প্ৰথমে জন্মা পুত্ৰক কিনি লৈ মুক্ত কৰোঁ।’
আৰু প্ৰথমে জন্ম পোৱা সকলৰ সংহাৰকৰ্ত্তাই তেওঁলোকক স্পৰ্শ নকৰিবৰ কাৰণে, তেওঁ বিশ্বাসৰ গুণে নিস্তাৰ-পৰ্ব পালন আৰু তেজ লগোৱা কাৰ্য কৰিলে।