মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
গীত 76:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে নিজৰ ঈশ্বৰ যিহোৱালৈ সঙ্কল্প কৰা, আৰু তাক সিদ্ধও কৰা; তেওঁৰ চাৰিওফালে থকা সকলোৱে সেই আতঙ্কিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। |
মোৰ পিতৃ ঈশ্বৰ, যিজন অব্ৰাহামৰ ঈশ্বৰ আৰু ইচহাকৰ ভয়ৰ পাত্র, তেওঁ মোৰ সঙ্গী নোহোৱা হলে, আপুনি নিশ্চয়ে মোক আজি শুদা-হাতেই বিদায় দিলেহেঁতেন। ঈশ্বৰে মোৰ দুখ আৰু কঠোৰ পৰিশ্ৰমলৈ দৃষ্টি কৰিলে। সেইবাবেই যোৱা ৰাতি তেওঁ আপোনাক ধমকি দিলে।”
ঈশ্বৰৰ উদ্দেশে ধন্যবাদৰ বলি উৎসৰ্গ কৰা; সৰ্ব্বোপৰি জনাৰ উদ্দেশ্যে তোমাৰ সঙ্কল্পবোৰ পূৰণ কৰা।
পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
কোনো পুৰুষে যদি যিহোৱাৰ উদ্দেশ্যে সঙ্কল্প কৰে বা ব্ৰত-বন্ধনেৰে নিজ প্ৰাণ বন্ধ কৰিবলৈ শপত কৰে, তেন্তে তেওঁ নিজৰ বাক্য ব্যৰ্থ নকৰি, নিজৰ মুখৰ পৰা ওলোৱা আটাই বাক্য সিদ্ধ কৰিব লাগিব।
ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।