গীত 71:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকে কয়, “ঈশ্বৰে তেওঁক পৰিত্যাগ কৰিলে; খেদি গৈ তেওঁক ধৰা, কিয়নো তাৰ উদ্ধাৰকৰ্ত্তা কোনো নাই।” |
মই যুৱক আছিলোঁ, এতিয়া বুঢ়া হ’লো; কিন্তু মই ধাৰ্মিকক ত্যাগ কৰা, নাইবা তেওঁলোকৰ বংশধৰসকলে ভিক্ষা কৰা, এনে কেতিয়াও দেখা নাই।
কিয়নো যিহোৱাই ন্যায় বিচাৰ ভাল পায়, তেওঁৰ ভক্তসকলক তেওঁ পৰিত্যাগ নকৰে; অনন্ত কাললৈকে তেওঁলোকক ৰক্ষা কৰা হ’ব; কিন্তু দুষ্টবোৰৰ বংশক হলে ধ্বংস কৰা হ’ব।
মোৰ শত্ৰুবোৰে যেতিয়া মোক ঠাট্টা কৰি কৈ থাকে যে “তোমাৰ ঈশ্বৰ ক’ত আছে” তেতিয়া মোৰ এনে হ’য় যেন মোৰ শৰীৰৰ অস্থিবোৰ গুড়া হৈ গৈছে।
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
এতিয়াও যদি আপোনালোকে শিঙা, বাঁহী, বীণা, সুৰবাহাৰ, পেপা, আৰু সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ ধ্বনি শুনাৰ সময়ত মই সজা সোণৰ মূৰ্তিত উবুৰি হৈ সাষ্টাঙ্গে প্রণিপাত কৰিবলৈ যুগুত হয়, তেনেহ’লে সকলো ভালে হ’ব; কিন্তু যদি আপোনালোকে সেৱা নকৰে, তেনেহ’লে সেই মুহূৰ্ত্ততেই আপোনালোকক প্ৰজ্বলিত অগ্নিকুণ্ডত পেলোৱা হ’ব। মোৰ হাতৰ পৰা আপোনালোকক উদ্ধাৰ কৰিব পৰা দেৱতা কোন আছে?”
আৰু তিনি মান বজাত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলী, এলী, লামা চবক্তানী”? অৰ্থাৎ, “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ; কিয় মোক পৰিত্যাগ কৰিলা”?
কিন্তু আনবোৰে ক’লে, “অকলে থকিবলৈ দিয়া; এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ”।
চৌলে দায়ুদ কয়ীলালৈ যোৱাৰ বাতৰি পাই ক’লে, “যিহোৱাই মোৰ হাতত তেওঁক সমৰ্পণ কৰিছে। তেওঁ আৱদ্ধ হৈ গ’ল কাৰণ নগৰত দুৱাৰবোৰ বন্ধ কৰা হ’ল।”