ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
গীত 69:6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। |
ইস্ৰায়েলৰ ঈশ্বৰে ক’লে, ‘ইস্ৰায়েলৰ শিলাই মোক ক’লে, লোকসকলৰ ওপৰত যি জনে ন্যায়ৰূপে ৰাজত্ব কৰে, যি জনে ঈশ্বৰলৈ ভয় ৰাখি শাসন কৰে,
তোমালৈ অপেক্ষা কৰাসকলক তুমি লাজত পৰিবলৈ নিদিবা; কিন্তু যি সকলে অকাৰণে বিশ্বাসঘাটকতা কৰে তেওঁলোকেই লাজত পৰিব।
মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
সকলো জাতিৰ সমূহ লোক তোমাৰ চাৰিওফালে গোট খাওঁক; তুমি উর্দ্ধলৈ উলটি গৈ পুনৰ লোক সকলৰ ওপৰত ৰাজত্ব কৰা।
ৰজাসকল তোমালোকৰ লালন-পালন কৰা পিতৃ হ’ব, আৰু তেওঁলোকৰ ৰাণীসকল তোমালোকক প্রতিপালন কৰা দাসী হ’ব; তেওঁলোকে মাটিত মুখ লগাই তোমালোকৰ আগত প্ৰণিপাত কৰিব, আৰু তোমালোকৰ ভৰিৰ ধুলি চেলেকিব; আৰু মইয়ে যে যিহোৱা, তাক তোমালোকে জানিবলৈ পাবা, আৰু মোলৈ অপেক্ষা কৰা সকল লাজত নপৰিব।”
এই ইস্ৰায়েলী সকলৰ ঈশ্বৰে আমাৰ ওপৰ-পুৰুষ সকলক মনোনীত কৰিলে আৰু মিচৰ দেশত প্ৰবাসী হৈ থকা সময়ত মানুহবোৰৰ উন্নতি সাধন কৰি, তাৰ পৰা নিজ পৰাক্ৰমেৰে তেওঁলোকক বাহিৰ কৰি আনিলে৷
এই জন মানুহৰ বংশৰ পৰা ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ দৰে এজন ত্ৰাণকৰ্তা, অৰ্থাৎ যীচুক ইস্ৰায়েলী লোকৰ আগত উপস্থিত কৰিলে৷
তেওঁলোকে পিতৰ আৰু যোহনক মাজত থিয় কৰাই সুধিলে- “তোমালোকে কি শক্তিৰে বা কি নামেৰে এই কাৰ্য কৰিছা?”