তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক, নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।
গীত 65:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা। |
তেওঁ এইবোৰ হ’বলৈ সৃষ্টি কৰে, সেয়া শাস্তিৰ বাবেই হওক, বা নিজ পৃথিবীৰ বাবেই হওক, নাইবা বিশ্বস্ততাৰ বাবেই হওক, তেওঁ তাক হ’ব দিয়ে।
তেওঁ আকাশৰ পৰা পৰ্ব্বতবোৰত পানী সিঁচি দিয়ে; তোমাৰ কৰ্মৰ ফলেৰে সৈতে পৃথিৱীখন পৰিতৃপ্ত হয়।
যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়,
তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
তেতিয়া মই উচিত সময়ত তোমালোকলৈ বৰষুণ বৰষাম; তাতে ভুমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু বাৰীৰ নিজ গছবোৰত গুটি লাগিব।
মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।