গীত 64:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ধাৰ্মিক লোকে যিহোৱাত আনন্দিত হৈ তেওঁত আশ্ৰয় ল’ব; ঈশ্বৰ ভক্ত সকলোৱে তেওঁৰ ন্যায়পৰায়ণতা দেখি অন্তৰৰে গৌৰৱ কৰিব। |
মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
মোৰ প্রাণৰ সুৰক্ষা দিয়া, মোক উদ্ধাৰ কৰা; মোক লাজত পৰিবলৈ নিদিবা, কাৰণ মই তোমাতেই আশ্ৰয় লৈছোঁ।
হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
তেওঁ মোৰ মুখত এটি নতুন গীত দিলে, আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্রশংসাৰ গীত দিলে; অনেক লোকে তাকে দেখি ভয় খাব আৰু তেওঁলোকে যিহোৱাত ভাৰসা কৰিব।
ঈশ্বৰে যেতিয়া তেওঁলোকৰ ওপৰত প্রতিশোধ লোৱা ধাৰ্মিক লোকে দেখিব, তেতিয়া তাকে দেখি তেওঁলোকে আনন্দ কৰিব। তেওঁ নিজৰ ভৰি দুষ্টৰ তেজেৰে ধুব।
কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।