গীত 63:2 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এই দৰে মই তোমাৰ আশ্রয় স্থল, পৰাক্ৰম আৰু গৌৰৱ দেখিবলৈ, পবিত্ৰ স্থানত তোমাক চাইছিলোঁ। |
যিহোৱাৰ ওচৰত মই এটা বিষয় যাচনা কৰিছোঁ, মই তাকেই অন্বেষণ কৰিম: মই যেন যিহোৱাৰ সৌন্দর্য দেখা পাবলৈ, আৰু তেওঁৰ মন্দিৰত ধ্যান কৰিবলৈ মোৰ গোটেই জীৱন কাল যিহোৱাৰ গৃহত বাস কৰিব পাৰোঁ।
মোৰ চকুলো দিনে-ৰাতিয়ে মোৰ আহাৰ হ’ল, কিয়নো লোকসকলে ওৰে দিনটো মোক কয়, “তোমাৰ ঈশ্বৰ ক’ত আছে?”
তাতে মই ঈশ্বৰৰ যজ্ঞ-বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম; হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বীণাৰে তোমাৰ ধন্যবাদ কৰিম।
হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম।
আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।