অনলাইন বাইবেল

বিজ্ঞাপন


গোটেই বাইবেলখন অ.টি. নতুন নিয়ম




গীত 46:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এখন নদী আছে; তাৰ সুঁতিবোৰে ঈশ্বৰৰ নগৰক আনন্দময় কৰি তোলে, আনন্দময় কৰি তোলে সৰ্ব্বোপৰি জনা থকা সেই পবিত্ৰ স্থান।

অধ্যায়টো চাওক



গীত 46:4
24 পৰস্পৰ সংযোগসমূহ  

কিন্তু মোৰ নাম ৰাখিবৰ অৰ্থে মই যিৰূচালেমক মনোনীত কৰিলোঁ আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধ্যক্ষ হ’বৰ বাবে দায়ূদক মনোনীত কৰিলোঁ।’


তেওঁ মোক কুমলীয়া ঘাঁহনি পথাৰত শুৱায়; আৰু য’ত শান্তি আছে, এনে পানীৰ কাষে কাষে মোক চলায়।


তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া; সেইবোৰেই মোৰ পথদৰ্শক হওঁক; সেইবোৰেই মোক তোমাৰ সেই পবিত্ৰ পৰ্ব্বতলৈ আৰু তোমাৰ আবাসলৈ লৈ যাওঁক।


আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য,


বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা)


তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।


হে ঈশ্বৰৰ নগৰ, তোমাৰ বিষয়ে অনেক গৌৰৱৰ কথা কোৱা হৈছে। (চেলা)।


যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে


যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;


কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।


হে যিহোৱা, নদীৰ পানী ওফন্দি উঠিছে, নদীবোৰ নিজ নিজ তৰঙ্গ ধ্বনিৰে ওফন্দি উঠিছে; নদীবোৰে নিজ নিজ গর্জনৰ ঢৌ তুলিছে।


তোমাৰ এলেকাত যদি কোনো দৰিদ্ৰক অত্যাচাৰ কৰা দেখা নাইবা কোনোবাই ন্যায় বিচাৰ আৰু নায্য অধিকাৰ নোপোৱা যেন দেখা, তেন্তে সেই কথাত আচৰিত নামানিবা; কিয়নো উচ্চ পদত থাকোঁতা ক্ষমতাশালী লোকসকলে তেওঁলোকৰ অধীনত থকাসকলৰ ওপৰত দৃষ্টি ৰাখে আৰু তেওঁলোকৰ ওপৰতো আন উচ্চতম পদত লোক আছে।


যদি তোমালোকে কেৱল মোৰ আজ্ঞাবোৰ মানি চলিলা হয়! তোমালোকৰ শান্তি আৰু উন্নতি নদীৰ দৰে প্রবাহিত হ’ল হয়, আৰু তোমাৰ পৰিত্রান সমুদ্ৰৰ ঢৌৰ দৰে হ’ল হয়।


তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।


সৰ্ব্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে, মই যিহোৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰিৰ সৈতে হোম-বলি লৈ যোৱা উচিত নে?


কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷


তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।