গীত 45:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ হৃদয় ভাল সুন্দৰ ভাৱধাৰাৰে ভৰি পৰিছে; ৰজাৰ উদ্দেশ্যে মই কবিতা ৰচিছো; মোৰ জিভা লেখকৰ কলমৰ দৰে হৈ উঠিছে। |
ইজ্ৰা বাবিল ত্যাগ কৰিলে। ঈশ্বৰ যিহোৱাই ইস্রায়েলক দিয়া মোচিৰ বিধান-পুস্তকৰ তেওঁ এজন পাৰ্গত অধ্যাপক আছিল। তেওঁ যি বস্তুৱেই খুজিছিল ৰজাই তেওঁক দিছিল, কাৰণ ঈশ্বৰ যিহোৱা তেওঁৰ লগত আছিল।
হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াহ কৰে, তেনেকৈ হে ঈশ্বৰ, মোৰ প্ৰাণ তোমাৰ বাবে আকুল হৈছে।
হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
মোৰ প্ৰিয়ৰ উদ্দেশ্যে গীত গাঁও, তেওঁৰ দ্ৰাক্ষাবাৰীৰ বিষয়ে মোৰ প্ৰিয় গীত গাঁও। মোৰ প্রিয়ৰ অতি উৰ্ব্বৰা এক পাহাৰত এখন দ্ৰাক্ষাবাৰী আছিল।
ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকা সকলক ক’ব, ‘আহা, মোৰ পিতৃৰ আশীৰ্বাদ পোৱা সকল, জগত স্থাপন কৰাৰে পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা।
ভাৱবাণী কেতিয়াও মানুহৰ ইচ্ছাৰে নাহে, কিন্তু পবিত্ৰ আত্মাৰ পৰিচালনাত ভাৱবাদী সকলে ঈশ্বৰৰ পৰা পোৱা কথা কয়।