আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
গীত 44:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা। |
আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
মই তেওঁৰ শত্ৰুবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধাম, কিন্তু তেওঁৰ মূৰত হ’লে তেওঁৰ কিৰীটি জিলিকি থাকিব।”
যি জনাই আমাক আমাৰ শত্ৰুবোৰৰ পৰা উদ্ধাৰ কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।
যিসকলে মোৰ প্ৰাণ বিনাশ কৰিবলৈ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশ কামনা কৰে, তেওঁলোকে অপমান পাই ঘূৰি যাওঁক।
আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ’ল; ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহা সকলক সিচঁৰিত কৰিলে। সেয়ে তেওঁলোকক লাজত পেলোৱা হ’ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে।
কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
তোমাৰ জীৱনৰ গোটেই কালত কোনো লোক তোমাৰ আগত থিয় হ’ব নোৱাৰিব; মই মোচিৰ লগত থকাৰ দৰে তোমাক ত্যাগ নকৰিম বা এৰি নাযাওঁ।
যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
যিহোৱাই যেতিয়া তেওঁলোকৰ কাৰণে কোনো বিচাৰকৰ্ত্তাক নিযুক্তি দিছিল, তেতিয়া তেওঁ সেই বিচাৰকৰ্ত্তাক সহায় কৰিছিল। সেইজন বিচাৰকৰ্ত্তা যিমান দিনলৈকে জীয়াই থাকে, সিমান দিনলৈকে যিহোৱাই শত্ৰুবোৰৰ হাতৰ পৰা ইস্রায়েলক উদ্ধাৰ কৰিছিল; অত্যাচাৰীবোৰৰ হাতত উপদ্ৰৱ আৰু তাড়না পাই তেওঁলোকে যেতিয়া কন্দা-কটা কৰে, তেতিয়া তেওঁলোকৰ প্রতি যিহোৱাৰ দয়া ওপজে।।
আৰু যিহোৱাই তৰোৱাল আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”