গীত 40:16 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু তোমাক বিচৰাসকলে তোমাতেই আনন্দিত আৰু উল্লাসিত হওঁক; তোমাৰ পৰিত্ৰাণ ভালপোৱাসকলে সকলো সময়তে কওঁক, “যিহোৱা মহান।” |
তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
“হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’
পাছত ইফিচত নিবাস কৰা ইহুদী আৰু গ্ৰীক সকলে এই কথা শুনি সকলোৱে ভয় পালে আৰু প্ৰভু যীচুৰ নাম মহিমান্বিত হ’ল।