গীত 37:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকৰ ঈশ্বৰৰ ব্যৱস্থা তেওঁলোকৰ হৃদয়ত আছে; তেওঁলোকৰ ভৰি পিছলি নাযায়। |
তোমাৰ আজ্ঞাই মোক মোৰ শত্ৰুবোৰতকৈ জ্ঞানৱান কৰি তোলে; কিয়নো তোমাৰ আজ্ঞাবোৰ সদায় মোৰ লগে লগে থাকে।
মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।
তেওঁ মোক শিকাইছিল আৰু মোক কৈছিল, “তোমাৰ হৃদয়ত মোৰ বাক্য ধৰি ৰাখা; মোৰ আজ্ঞাবোৰ পালন কৰা আৰু জীৱন ধাৰণ কৰা।”
তোমালোক যিসকলে সত্য কি জানা, মোৰ বিধান তোমালোকৰ হৃদয়ত ধৰি ৰখা লোকসকল,মোৰ কথা শুনা: মানুহৰ অপমানলৈ ভয় নকৰিবা, নাইবা তেওঁলোকৰ অপব্যৱহাৰত হতাশ নহবা।
“কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
তেওঁলোকে বাচান দেশীয় এলোন কাঠেৰে তোমাৰ বঠাবোৰ তৈয়াৰ কৰিছিল; তেওঁলোকে কিত্তীম দ্বীপবোৰৰ পৰা অনা তাচুৰ কাঠবোৰ আনিছিল আৰু তাতে তেওঁলোকে তাৰ ওপৰত হাতীৰ দাঁতেদি শায়িত কৰি তোমাৰ বঠা বাওঁতাবোৰৰ আসনবোৰ সাজিছিল।
প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ ‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু তেওঁলোকৰ হৃদয়ত তাক লিখিম; মই তেওঁলোকৰ ঈশ্বৰ হম আৰু তেওঁলোক মোৰ লোক হ’ব।’