সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
গীত 34:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ধাৰ্মিক লোকে সহায়ৰ কাৰণে কাতৰোক্তি কৰিলে যিহোৱাই শুনে; যিহোৱাই সকলো সঙ্কটৰ পৰা তেওঁলোকক ৰক্ষা কৰে। |
সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
যিহোৱাৰ দৃষ্টি ধাৰ্মিকসকলৰ ওপৰত থাকে; তেওঁৰ কাণ তেওঁলোকৰ কাতৰোক্তি শুনিবলৈ মুকলি থাকে।
কিন্তু মই তোমাৰ অসীম প্রেমৰ যোগেদি তোমাৰ গৃহত সোমাম, মই ভয়েৰে সৈতে তোমাৰ পবিত্ৰ মন্দিৰৰ ফাললৈ চাই মোৰ মূৰ নত কৰিম।
শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম।
সত্যতাৰ কার্য কৰা কোনো লোকৰ কথা ভাবিলে আমি আনন্দিত হওঁ; কিন্তু দুষ্টবোৰৰ নাম লুপ্ত হ’ব।
তাৰ বাবে মই সেই মানুহজনৰ বিৰুদ্ধে বিমুখে থাকিম আৰু তেওঁক এটা চিন আৰু দৃষ্টান্তৰ বিষয় কৰিম, কিয়নো তেওঁক মই মোৰ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা!
শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও, সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম। মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম।