গীত 33:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম। |
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা, কিয়নো যিহোৱা মঙ্গলময়; তেওঁৰ নামৰ উদ্দেশ্যে গীত-গান কৰা, কিয়নো তেওঁ দয়াময়।
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত।
হে ধাৰ্মিক লোকসকল, তোমালোকে যিহোৱাতে আনন্দ কৰা; উল্লাস কৰা; যাৰ অন্তৰ শুদ্ধ, তোমালোক সকলোৱে আনন্দ-ধ্ৱনি কৰা।
দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক পাপী বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।