গীত 26:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মোৰ ভৰি সমান ঠাইত থিয় হৈ আছে; মহা-সমাজবোৰৰ মাজত মই যিহোৱাৰ ধন্যবাদ কৰিম। |
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
সকলো ফৈদ সেই ঠাইলৈ উঠি যায়, তেওঁলোক যিহোৱাৰ লোকসকলৰ ফৈদ; তেওঁলোকে ইস্ৰায়েল জাতিৰ বাবে দিয়া আজ্ঞা অনুসাৰে যিহোৱাৰ নামৰ ধন্যবাদ কৰিবলৈ উঠি যায়।
যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
যীচুৱে কৈছে, “মোৰ ভাই সকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম, সহভাগীতাৰ মাজত তোমাৰ গুণ কীৰ্ত্তন কৰিম।”
তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।