যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।
গীত 22:23 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা। |
যাতে ময়ো যেন তোমাৰ মনোনীত লোকসকলৰ উন্নতি দেখা পাওঁ, তোমাৰ জাতিৰ আনন্দত আনন্দিত হওঁ, আৰু তোমাৰ অধিকাৰৰ সৈতে গৌৰৱ কৰিব পাৰোঁ।
মই নিজ মুখেৰে অতিশয় ৰূপে যিহোৱাৰ ধন্যবাদ কৰিম; লোক সমূহৰ মাজত মই তেওঁৰ প্ৰশংসা কৰিম;
তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! মই সমস্ত মনেৰে যিহোৱাৰ ধন্যবাদ কৰিম; ধাৰ্মিকসকলৰ সভাত আৰু মণ্ডলীৰ মাজত প্ৰশংসা কৰিম।
যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব।
যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
যি মানুহে জীৱনত ধন্যবাদৰ বলি উৎসৰ্গ কৰে, তেৱেঁই মোক গৌৰৱাম্বিত কৰে; যি মানুহে সঠিক পথত চলে, মই তেওঁক ঈশ্বৰৰ পৰিত্ৰাণ দেখিবলৈ দিম।
হে মোৰ ঈশ্বৰ যিহোৱা, মই সমস্ত হৃদয়ৰে তোমাৰ প্ৰশংসা কৰিম, চিৰকাল তোমাৰ নামৰ গৌৰৱ কৰিম।
সেই বাবে বলবন্ত লোকসকলে অাপোনাক গৌৰৱান্বিত কৰিব, ভয়ানক জাতিবোৰৰ নগৰে অাপোনাক ভয় কৰিব।
ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল।
আপোনাক কোনে ভয় নকৰিব, হে প্ৰভু আৰু কোনে আপোনাৰ নাম প্ৰশংসা নকৰিব? কিয়নো কেৱল আপুনি পবিত্ৰ; সকলো জাতিয়ে আপোনাৰ আগত আহি আপোনাক আৰাধনা কৰিব৷ কিয়নো আপোনাৰ ন্যায় বিধান প্ৰকাশিত কৰা হ’ল৷”