হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
গীত 20:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ সকলো মনৰ ইচ্ছা তেওঁ পূৰ কৰক। তোমাৰ সকলো পৰিকল্পনা তেওঁ সিদ্ধ কৰক। |
হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
পাছত চিবাৰ ৰাণীয়ে ৰজালৈ অনা বস্তুৰ সলনি ৰজাই যি বস্তু দিলে, তাৰ বাহিৰে চিবাৰ ৰাণীয়ে বিচৰা দৰে, তেওঁৰ সকলো মনৰ বাঞ্ছা তেওঁ পূৰ কৰিলে। পাছত ৰাণী আৰু তেওঁৰ দাসবোৰ নিজ দেশলৈ উলটি গ’ল।
যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।