গীত 16:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 মই যিহোৱাক সদায় মোৰ সন্মূখত ৰাখোঁ; তেওঁ মোৰ সোঁহাতে থকাত মই অস্থিৰ নহম। |
যদি মই সেইবোৰ গণনা কৰিব বিচাৰো, তেতিয়া সেইবোৰ সংখ্যাত বালিতকৈয়ো অধিক হয়; মই যেতিয়া সাৰ পাওঁ, তেতিয়াওঁ মই তোমাৰ কাষতে থাকো।
যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা।
বিশ্বাসৰ গুণে তেওঁ ৰজাৰ ক্ৰোধলৈ ভয় নকৰি, মিচৰ দেশ ত্যাগ কৰিলে; কিয়নো অদৃশ্য জনক দেখা পোৱাৰ দৰে তেওঁ থিৰে থাকিল।