এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
গীত 149:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ভক্তসকলে বিজয়ত উল্লাসিত হওক; তেওঁলোকে নিজ নিজ শয্যাত আনন্দ গান কৰক। |
এইদৰে দায়ুদ আৰু ইস্ৰায়েলৰ সকলো বংশই জয়ধ্বনি কৰি কৰি আৰু শিঙাৰ বাদ্য বজাই বজাই যিহোৱাৰ নিয়ম-চন্দুকটি লৈ আনিলে।
মই ইয়াৰ পুৰোহিতসকলক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধাম; ইয়াৰ ভক্তসকলে উচ্চস্বৰেৰে আনন্দ ধ্বনি কৰিব।
হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷