গীত 147:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই। |
হে মোৰ ঈশ্বৰ যিহোৱা, তুমি তোমাৰ অনেক আচৰিত কার্য কৰিছা, আমাক লৈ তোমাৰ পৰিকল্পনা অনেক, তোমাৰ লগত কাকো তুলনা কৰিব নোৱাৰি, মই যদি সেইবোৰ ঘোষণা আৰু বৰ্ণনা কৰোঁ, গণনা কৰিব নোৱাৰাকৈ অলেখ হ’ব।
তুমি জনা নাই নে? তুমি জানো শুনা নাই? অনাদি অনন্ত ঈশ্বৰ যিহোৱাই, পৃথিৱীৰ সীমাবোৰ সৃষ্টিকৰ্ত্তা তেওঁ ক্লান্ত নহয়, আৰু ভাগৰ নাপায়, আৰু তেওঁৰ বুদ্ধি অগম্য।
হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
যিহোৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান; কিন্তু তেওঁ দোষীক কোনো মতেই নিৰ্দ্দোষী ঘোষণা নকৰে; বা-মাৰলী আৰু ধুমুহা হ’ল যিহোৱাৰ পথ আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ।
ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰূপ ধন কেনে গভীৰ! তেওঁৰ বিচাৰবোৰ বোধৰ কেনে অগম্য! আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য!
সেই লোক সকলে ঈশ্বৰৰ দাস, মোচিৰ গীত আৰু সেই মেৰ-পোৱালিৰ গীত গান কৰি ক’লে, “আপোনাৰ কৰ্ম মহৎ আৰু আচৰিত, সকলোৰে ওপৰত শাসন কৰা, হে প্ৰভু পৰমেশ্বৰ৷ হে চিৰস্থায়ী ৰজা, আপোনাৰ পথ ন্যায় আৰু সত্য৷