তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
গীত 135:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকৰ দেশবোৰ তেওঁ অধিকাৰৰ কাৰণে দিলে; নিজৰ লোক ইস্ৰায়েলক অধিকাৰৰ কাৰণে দিলে। |
তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে।
আৰু তোমালোকে চিঠি-খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল’বা; অধিকক অধিক উত্তৰাধীকাৰ আৰু তাকৰক কম উত্তৰাধীকাৰ দিবা; আৰু যাৰ ভাগ যি ঠাইত পৰে, তাৰ ভাগ সেই ঠাইতে হ’ব; তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে তাক অধিকাৰ কৰি ল’বা।
এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।
চেয়ীৰলৈ বিস্তৃত হোৱা যৰ্দ্দনৰ সীপাৰে পশ্চিম দিশে, লিবানোনৰ উপত্যকাত থকা বাল-গাদৰ পৰা হালক পৰ্ব্বতলৈকে থকা এই ৰজা সকলক যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে বধ কৰিছিল৷ যিহোচূৱাই দেশ অধিকাৰৰ অৰ্থে নিজ নিজ ভাগ অনুসাৰে ইস্ৰায়েলৰ ফৈদক ভগাই দিলে।